The Solar System in Assamese - সৌৰজগত বুলিলে কি বুজা?


solar-system-in-assamese

সৌৰজগত বুলিলে সূৰ্য আৰু তাৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা আঠটা গ্ৰহ - বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন, সিহঁতৰ উপগ্ৰহসমূহ, বামন গ্ৰহ প্লুটো, চেৰেছ, চাৰণ, জেনা আৰু সিবিলাকৰ মাজত অৱস্থিত অসংখ্য় গ্ৰহাণুৰ সমষ্টিয়ে হল সৌৰজগত।

আমাৰ সৌৰজগতখন হাতীপটি তাৰকাৰাজ্য়ত অৱস্থিত।

সৌৰজগতৰ গ্ৰহবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে - আভ্য়ন্তৰীণ আৰু বাহ্য়িক গ্ৰহ। 

বুধ, শুক্ৰ, পৃথিবী আৰু মঙ্গল - এই চাৰিটা গ্ৰহক আভ্য়ন্তৰীণ গ্ৰহ বুলি কোৱা হয়। আভ্য়ন্তৰীণ গ্ৰহবোৰৰ ভিতৰত পৃথিৱী আটাইতকৈ ডাঙৰ। এই গ্ৰহবোৰৰ বিশেষত্ব হল ইহঁত ওচৰা-ওচৰিকৈ অৱস্থিত আৰু আটাইকেইটা শিল-মাটিৰ দৰে টান পদাৰ্থৰে গঠিত।

বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন - এই গ্ৰহকেইটাক বাহ্য়িক গ্ৰহ বুলি কোৱা হয়। এই গ্ৰহকেইটা সাধাৰণতে গেছ আৰু বৰফেৰে গঠিত।

সূৰ্য (Sun)

সূৰ্য আমাৰ আটাইতকৈ ওচৰত থকা তৰা। ই অতি তপত গেছৰ বাস্পপিণ্ড। ইয়াৰ বিষুৱীয় গড় ব্য়াস ১৩,৮৩,৯১৭ কিলোমিটাৰ পৃথিৱীৰ প্ৰায় ১০৯ গুণ। সূৰ্যটো ৯০% হাইড্ৰজেন, ৮% হিলিয়াম আৰু ২% আন গধুৰ মৌলৰে গঠিত। 

সূৰ্যৰ আভ্য়ন্তৰত থকা হাইড্ৰজেন ভাগ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত হিলিয়ামলৈ পৰিৱৰ্তিত হয়। এই বিক্ৰয়াই সূৰ্যক বিপুল শক্তিৰ অধিকাৰী কৰি তুলিছে।

তোমালোকে জানি আচৰিত হবা যে সৌৰমণ্ডলৰ আন আন গ্ৰহবোৰৰ দৰে সূৰ্যয়ো ইয়াৰ নিজ অক্ষৰ ওপৰত ২৫ দিন আৰু ৯ ঘন্টা ৭ মিনিটত আৱৰ্তন কৰাৰ উপৰি হাতীপটি তাৰকাৰাজ্য়ৰ কেন্দ্ৰৰ চাৰিওফালে ঘূৰে। 

বুধ

সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। সূৰ্যৰ পৰা ইয়াৰ দূৰত ইয়াৰ দূৰত্ব প্ৰায় ৫,৭৫,৬৪,০০০ কিলোমিটাৰ। ই সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। বুধ গ্ৰহৰ ব্য়াস প্ৰায় ৪,৮৫১ কিলোমিটাৰ। ইয়াৰ কোনো নিজা উপগ্ৰহ নাই।

বুধ গ্ৰহৰ পৃষ্টভাগ শিলাময় আৰু শুকান। ইয়াৰ উপৰিভাগত ঠায়ে ঠায়ে বহল সমভূমি, থিয় গৰা আৰু দ ফাঁক আদি পোৱা যায়।

ইয়াত দিনৰ ভাগত তাপমাত্ৰা বাঢ়ি হয়গৈ প্ৰায় ৩৪২ ডিগ্ৰী, আনহাতে ৰাতিৰ ভাগত ই কমি হয়গৈ প্ৰায় - ১৯৩ ডিগ্ৰী চেলছিয়াছ।

বুধ গ্ৰহৰ বায়ুমণ্ডলত আতি বেছি পৰিমাণে হিলিয়াম গেছ পোৱা যায়। হিলিয়ামৰ উপৰিও অতি কম পৰিমাণে হাইড্ৰজেন, আৰ্গন, নিয়ন আদি গেছো পোৱা যায়। এনে বায়ুমণ্ডলীয় পৰিৱেশত কোনো জীৱ জীয়াই থকাটো অসম্ভৱ। 

শুক্ৰ

সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে সৌৰজগতৰ শুক্ৰ স্থান দ্বিতীয়। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব প্ৰায় ১২,৩৯০ কিলোমিটাৰ। ই নিজ অক্ষত সম্পূৰ্ণ একাপ ঘূৰিবলৈ ২৪৩.০২ দিন সময় লয়। 

তোমালোকে জানি আচৰিত হবা যে শুক্ৰ গ্ৰহৰ আকাশত দিনতো সূৰ্য দেখা পোৱা নাযায়। আনকি ইয়াৰ ৰাতিৰ আকাশতো কোনো গ্ৰহ-নক্ষত্ৰ দেখা পোৱা নাযায়।

শুক্ৰ গ্ৰহটোত অতি বেছি পৰিমাণে কাৰ্বন-ডাই-অক্সাইড থকা বাবে ই যথেষ্ট উষ্ণ। শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই।

পৃথিৱী

পৃথিৱীয়ে হল সৌৰজগতৰ একমাত্ৰ গ্ৰহ যত জীৱ আছে। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ১৪.৯৬ কোটি কিলোমিটাৰ। 

পৃথিবীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ ৩৬৫ দিন ৬ ঘন্টা ৯ মিনট ১০ ছেকণ্ড সময় লয়। আনহাতে ই নিজ কক্ষক আৱৰ্তন কৰিবলৈ ২৩ ঘন্টা ৫৬ মিনিট ৪.০১ ছেকেণ্ড সময় লয়।

চন্দই হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ।

মঙ্গল

সৌৰজগতত সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে মঙ্গল গ্ৰহৰ স্থান চতুৰ্থ। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব ২২.৭২ কিলোমিটাৰ। মঙ্গল গ্ৰহৰ ব্য়াস প্ৰায় ৬৭৪০.৮ কিলোমিটাৰ আৰু ই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ প্ৰায় ৬৮৬.৯৮ দিন সময় লয়। আনহাতে ই নিজ কক্ষপথত সম্পূৰ্ণ এপাক আৱৰ্তন কৰিবলৈ সময় লয় ২৪ ঘন্টা ৩০ মিনিট ২২ ছেকেণ্ড।

মঙ্গল গ্ৰহৰ পৃষ্টভাগ উষ্ণ মৰুভূমি, ওখ পাহাৰ, গভীৰ উপত্য়াকাৰে বিৰাজমান। ইয়াৰ বায়ুমণ্ডলৰ প্ৰায় ৯৫ কাৰ্বন-ডাই-অক্সাইড আৰু তেনেই নগন্য় পৰিমাণে নাইট্ৰজেন আৰু আৰ্গন গেছ পোৱা যায়।

পৃথিৱীৰ পৰা মঙ্গল গ্ৰহক এখন ৰঙা চেপেটা কাঁহী যেন দেখা পোৱা যায়। সেয়েহে ইয়াক লোহিত গ্ৰহ বুলিও কোৱা হয়। মঙ্গল গ্ৰহৰ দুটা উপগ্ৰহ আছে - ফবোছ আৰু ডিমোছ।

বিজ্ঞানীসকলৰ মতে মঙ্গল গ্ৰহৰ বুকুত হেনো এসময়ত জীৱৰ আছিল।

বৃহস্পতি

বৃহস্পতি হল সৌৰজগতৰ আটাইতকৈ জাঙৰ গ্ৰহ। সূৰ্যৰ পৰা বৃহস্পতিৰ গড় দূৰত্ব ৭৭.৮৩ কোটি কিলোমিটাৰ। 

বৃহস্পতিয়ে নিজ কক্ষত এপাক ঘূৰিবলৈ ৯ ঘন্টা ৫৫ মিনিট ৩৩ ছেকেণ্ড সময় লয়। ই সূৰ্যক এবাৰ প্ৰদক্ষিণৰ বাবে ৪,৩৩৩ দিন সময় লয়। এই সময় পৃথিৱীৰ সময়ৰ জোখেৰে ১২ বছৰ। 

বৃহস্পতিৰ বায়ুমণ্ডলত হাইড্ৰজেনৰ পৰিমানেই বেছি। হাইড্ৰজেনৰ বাহিৰেও অতি কম পৰিমাণে হিলিয়াম, মিথেন, এমোনিয়া, জলীয়া বাষ্প আদিও ইয়াত কিছু পৰিমাণে পোৱা যায়। 

বৰ্তমানলৈকে আৱিষ্কৃত বৃহস্পতিৰ মুঠ উপগ্ৰহৰ ৬৩ টা।

শনি

আকাৰৰ ফালৰ পৰা শনি সৌৰজগতৰ ষষ্ঠ গ্ৰহ। ইয়াৰ বিষুৱীয় ব্য়াস প্ৰায় ১,১৯,৮৪০ কিলোমিটাৰ। সূৰ্যৰ পৰা শনিৰ গড় দূৰত্ব প্ৰায় ১৪২.৭০ কোটি কিলোমিটাৰ। 

শনি গ্ৰহটোৰ বিশেষত্ব হল ইয়াক আগুৰি থকা আঙুঠিবোৰ। এই অদ্য়পি সৌৰমণ্ডলৰ এক বিস্ময়। এই আঙুঠিবোৰ বৰফ আৰু শিলেৰে গঠিত। 

শনি গ্ৰহটো গোটমৰা জুলীয়া হাইড্ৰজেনেৰে গঠিত। ই সৌৰজগতৰ আটাইতকৈ কম ঘনত্বৰ গ্ৰহ। এই গ্ৰহটো ইমানেই পাতল যে ই পানীতো ওপঙি থাকিব। শনি গ্ৰহৰ নিজা উপগ্ৰহৰ সংখ্য়া ৬২।

ইউৰেনাছ

ইউৰেনাছ গ্ৰহটোক ১৭৮১ চনত ছাৰ উইলিয়াম হাৰ্চেলে আৱিষ্কাৰ কৰিছিল। দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত আৱিষ্কাৰ কৰা এইটোৱেই প্ৰথম গ্ৰহ। 

সূৰ্যৰ পৰা ইউৰেনাছৰ দূৰত্ব প্ৰায় ২৮৭ কোটি কিলোমিটাৰ। ইউৰেনাছে প্ৰায় ৮৪ বছৰত সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰে। 

উন্নত মানৰ দূৰবীক্ষণ যন্ত্ৰ এটাৰে লক্ষ্য় কৰিলে ইউৰেনাছক নীলা-সেউজীয়া বৰণৰ এটা গেছীয় গোলকীয় বল যেন লাগে। ইয়াৰ পৃষ্ঠভাগ এমোনিয়া আৰু মিথেইনৰ তলৰ গোট মাৰি হোৱা বৰফৰ দ্বাৰা গঠিত। 

ইউৰেনাছৰ মুঠ ২৭ টা উপগ্ৰহ আছে।

নেপচুন

সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থিত গ্ৰহটো হল নেপচুন। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব প্ৰায় ৪৪১.৯২ কিলোমিটাৰ। ইয়াৰ ব্য়াস প্ৰায় ১৬৫ কিলোমিটাৰ।

১৮৪৬ চনত ফৰাচী বিজ্ঞানী-গণিতজ্ঞ উৰবেইন লেভেৰিয়াৰে নেপচুন গ্ৰহটো আৱিষ্কাৰ কৰিছিল। 

নেপচুনে নিজ কক্ষত এপাক ঘূৰিবলৈ প্ৰায় ১৬ ঘন্টা ৬ মিনিট ৩৬ ছেকেণ্ড। আনহাতে ই সূৰ্যৰ চাৰিওফালে সম্পৰ্ণ এপাক ঘূৰিবলৈ সময় লয় প্ৰায় ১৬৫ বছৰ।

বৰ্তমানলৈকে নেপচুনৰ মুঠ ১৩ টা উপগ্ৰহৰ সন্ধান পোৱা গৈছে।

0/Post a Comment/Comments