কম্পিউটাৰ কি? What is Computer in Assamese

what-is-computer-in-assamese

কম্পিউটাৰ কি? What is Computer in Assamese

কম্পিউটাৰ এক ইলেকট্ৰনিক যন্ত্ৰ বা আহিলা যিয়ে অতি জটিল আৰু সময় খৰচী গাণিতিক সমস্যাবোৰ শুদ্ধ আৰু দ্ৰূত গতিত সমাধান নিমিষতে স্বয়ংক্ৰিয়ভাৱে কৰিব পাৰে। 

কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল?

কম্পিউটাৰৰ আৱিষ্কাৰক হিচাপে চালৰ্ছ বেবেজক জনা যায়। তেখেতে চন ১৮২২ ত পোন প্ৰথম বাৰৰ বাবে কম্পিউটাৰ সাজি উলিয়াইছিল। 

কম্পিউটাৰৰ কাম কি?

কম্পিউটাৰ আধুনিক বিজ্ঞানৰ এক মহান আৱিষ্কাৰ। শাৰীৰিক পৰিশ্ৰম লাঘৱ কৰিৱৰ কাৰণেই মানুহে এদিন যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। এনেদৰেই মানুহে এদিন কম্পিউটাৰৰো আৱিষ্কাৰ কৰিলে। 

কম্পিউটাৰক সাধাৰণতে এটা গণনাকাৰী যন্ত্ৰ বুলিও কোৱা হয়, যদিও ই কোনো সাধাৰণ যন্ত্ৰসমূহতকৈ বহুগুণে বেছি শক্তিশালী। 

কম্পিউটাৰৰ কিছুমান বিশেষ গুণ আছে -

  • উচ্চ বেগেৰে সমাধান কৰিব পৰা ক্ষমতা।
  • তথ্য জমা কৰি ৰাখিব পৰা ক্ষমতা।
  • নিখুঁতকৈ কাম কৰিব পৰা ক্ষমতা।
  • কম্পিউটাৰক প্ৰগ্ৰেম কৰি থব পাৰি।

কম্পিউটাৰ ক'ত ক'ত ব্যৱহাৰ হয়?

কম্পিউটাৰৰ সহায়ত বিভিন্ন ধৰণৰ কাম কৰিব পাৰি। অংক কৰা, বানানৰ ভূল শুধৰোৱা, নতুন নতুন গীতৰ সুৰ সংযোজন কৰা, ব্যৱসায়-ব্যাণিজ্যৰ হিচাপ ৰখা, ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাত সহায় কৰা, চিনেমা চোৱা, প্ৰতিবন্ধী ব্যক্তিৰ লগত কথা-বতৰা বা ভাব-বিনিময়ত সহায় কৰা, বতৰৰ আগলি বতৰা নিৰ্ভুলকৈ জনোৱা, অনুবাদ কৰা আদিৰ লগতে বিজ্ঞানৰ অলেখ কাম-কাজো কম্পিউটাৰৰ সহায়ত কৰিব পাৰি।

তোমালোকে চলচিত্ৰত দেখা পোৱা স্পেছিয়েল ইফেক্টছ দিয়াৰ কামো কম্পিউটাৰৰ সহায়তে কৰা হয়। আনকি তুমি পঢ়ি থকা এই ব্লগটোও কম্পিউটাৰৰ সহায়তে প্ৰকাশ কৰা হৈছে। 

কম্পিউটাৰৰ সহায়ত আমি কি কি কৰিব পাৰি তাৰ তালিকা অন্তহীন। 

কম্পিউটাৰৰ বিভিন্ন অংশবোৰ -

হাৰ্ডৱেৰ (Hardware): হাৰ্ডৱেৰ হৈছে কম্পিউটাৰৰ দৈহিক অংশ। সাধাৰণতে লো, তীখা, প্লাষ্টিক, ৰবৰ আদিৰে কম্পিউটাৰ হাৰ্ডৱেৰ গঠন কৰা হয়। অপ্টিকেল ডিষ্ক, কী-বোৰ্ড, প্ৰিন্টাৰ, মাইক্ৰ'প্ৰছেছৰ আদি হাৰ্ডৱেৰৰ উদাহৰণ। 

ছফটৱেৰ (Software): কম্পিউটাৰক দিয়া নিৰ্দেশ বা প্ৰগ্ৰেমবোৰকে ছফটৱেৰ বোলা হয়। ছফটৱেৰৰ সহায়ত কম্পিউটাৰে তাৰ কামবোৰ কৰে। বিভিন্ন ধৰণৰ কামৰ বাবে বিভিন্ন ধৰণৰ ছফটৱেৰ ৰচিত কৰি ব্যৱহাৰ কৰা হয়।

চি পি ইউ (CPU): চেন্ট্ৰেল প্ৰছেছিং ইউনিট হৈছে কম্পিউটাৰৰ মস্তিস্কস্বৰূপ। ইয়াৰ প্ৰধান কাৰ্য হ'ল কম্পিউটাৰটোৰ কাৰ্য-কলাপবোৰৰ মাজত সমন্বয় ৰক্ষা কৰা।

ইনপুট সঁজুলি (Input Device): কম্পিউটাৰৰ মেইন মেমৰীত তথ্য আৰু নিৰ্দেশনা সন্নিৱিষ্ট কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰেই হৈছে ইনপুট সঁজুলি। উদাহৰণস্বৰূপে কী-বোৰ্ড, মাউছ আদি।

আউটপুট সঁজুলি (Output Device): কম্পিউটাৰ ব্যৱহাৰকাৰীসকলক ফলাফল দেখুৱাৱলৈ আউটপুট সঁজুলি ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে মনিটৰ, প্ৰিন্টাৰ, প্ৰজেক্টৰ আদি।

মেম'ৰী (Memory): মেম'ৰী এবিধ ইলেকট্ৰনীক সংৰক্ষণ সঁজুলি যিয়ে প্ৰগ্ৰেম, তথ্য ফলাফল বা অন্য প্ৰকাৰৰ ফলাফলসমূহ সংৰক্ষণ কৰে। বৰ্তমান সময়ত কম্পিউটাৰত দুই ধৰণৰ মেমৰী ব্যৱহাৰ হয় -

  • ৰেম (RAM - Random Access Memory): ৰেম (RAM) হৈছে কম্পিউটাৰৰ লেখন-পঢ়নৰ মেম'ৰী। এয়া হৈছে কম্পিউটাৰৰ প্ৰধান মেম'ৰী। সাম্প্ৰতিক অৱস্থাত কাৰ্যকাৰী হৈ থকা তথ্য আৰু নিৰ্দেশনাসমূহ ইয়াত সংৰক্ষিত হয়।
  • ৰম (ROM - Read Only Memory): ৰম (ROM) হৈছে এক অনুদ্বায়ী মেমৰী আৰু স্থায়ীভিক্তিত সংৰক্ষণৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। সংৰক্ষণৰ পাছত এইবিধ মেম'ৰীৰ পৰা তথ্য পঢ়িব পাৰি।
আজিলৈ এই ইয়াতে সামৰিলো। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিবা এটা নতুন কথা জানিব বা শিকিব পাৰিলা। এনেদৰেই আকৈ আমাৰ ব্লগটোলৈ আহিবা বুলি আশা ৰাখিলো। 

0/Post a Comment/Comments