হাতীপটি তাৰকাৰাজ্য প্ৰায় উত্তৰা-দক্ষিণাকৈ বিয়পি থকা এখন তাৰকাৰাজ্য বা জ্যোতিষি মণ্ডল।
তোমালোকে জানানে এইখন তাৰকাৰাজ্যতেই আমি সকলোৱে বাস কৰা পৃথিৱী তথা সৌৰজগত আৰু তেনেদৰে প্ৰায় ১০,০০০ কোটি সৰু - জাঙৰ তৰা বা নক্ষত্ৰ ইয়াত আছে।
আমাৰ সূৰ্য আৰু ৰাতিৰ আকাশত খালি চকুৰে দেখা সকলোবোৰ তৰা হাতীপটি তাৰকাৰাজ্যতেই আছে।
হাতীপটি তাৰকাৰাজ্যক ৰাতি আকাশত এটা বহল আলিবাটৰ দৰে ছাটি থকা তৰাৰ জাকৰ ৰূপত খালি চকুৰে দেখা পোৱা যায়।
আমি বাস কৰা এই হাতীপটি তাৰকাৰাজ্যখন দেখাত চেপেটা কাঁহী এখনৰ দৰে যাৰ মাজডোখৰ বহল আৰু ইয়াৰ দুই মূৰ ক্ৰমান্বয়ে সৰু হৈ যোৱা।
হাতীপটি তাৰকাৰাজ্যৰ দীঘ প্ৰায় ১ লাখ আলোকবৰ্ষ (১ আলোকবৰ্ষ = ৯৪৬ x ১০^10 কিলোমিটাৰ)। এই বিশাল তাৰকাৰাজ্যৰ তুলনাত আমাৰ সৌৰজগতখন তেনেই নগন্য।
হাতীপটি তাৰকাৰাজ্য নাম Milky Way কিয় হ'ল?
প্ৰাচীন গ্ৰীক কাহিনীমতে দেবাধিপতি জিউছৰ পত্নী হেৰাৰ দুগ্ধধাৰৰ (স্তন) পৰা গাখীৰ পৰি আকাশত এটা বগা বাট হৈছিল। গাখীৰৰ বাট বাবেই তাৰ নাম হ'ল Milky Way.
Post a Comment