ব্লেক হ'ল কি? What is Black Hole in Assamese

তোমাকোকে বোধ হয় কেতিয়াবা 'ব্লেক হ'ল' নামটো শুনিছা ছাগে। তোমালোকে জানানে 'ব্লেক হ'ল' নো কি?

আজিৰ এই ব্লগ পষ্টত তোমালোকে শিকিবলৈ পাবা ব্লেক হ'ল বা কৃষ্ণবিৱৰ কি? ই কেনেকৈ সৃষ্টি হয়? সকলোবিলাক ভালদৰে জানিবলৈ এই পষ্টটো শেষলৈ পঢ়িবা। 

what-is-black-hole-in-assamese

What is Black Hole | ব্লেক হ'ল কি?

ব্লেক হ'ল বা অসমীয়াত যাক কৃষ্ণবিৱৰ বুলিও কোৱা হয়। ব্লেক হ'ল মহাকাশৰ এনে এক ক্ষেত্ৰ স্থান য'ত মহাকৰ্ষণৰ বল বহু গুণেই বেছি প্ৰৱল। 

ব্লেক হ'লৰ পৃষ্ঠভাগেৰে কোনো বস্তু অতিক্ৰম কৰিব নোৱাৰে। আনকি বিদ্যুৎ চুম্বকীয় বিকিৰণ যেনে - পোহৰো ইয়াৰ মাজেৰে অতিক্ৰম কৰিব নোৱাৰে। 


ব্লেক হ'ল কেনেকৈ সৃষ্টি হয়?

ব্লেক হ'ল সাধাৰণতে একো একোটা অতি প্ৰাচীন তৰা। এই তৰাবোৰৰ যেতিয়া মৃত্যু হয়, ইয়াৰ পদাৰ্থবোৰ ইমান বেছী ঘনীভূত হয় যে ই অতি প্ৰৱল শক্তিশালী মধ্যাকৰ্ষণৰ সৃষ্টি কৰে। 

এই মাধ্যাকৰ্ষণিক শক্তিয়ে পোহৰকো আকৰ্ষণ কৰি নিঃশেষ কৰি দিয়ে বাবে তৰাটোৱে এটা কল্পনাতীত বৃহৎ আঁকাৰৰ গহবৰ হৈ পৰে।

ব্লেক হ'ল এটাই ইয়াৰ ওচৰলৈ যোৱা যিকোনো জোতিষ্ককেই ই অন্ধকাৰ গহবৰলৈ টানি লৈ যায়। 

ব্লেক হ'ল ৰ বিষয়ে অধিক তথ্য ইংৰাজীত পঢ়িবলৈ তলৰ লিংক কেইটা গৈ চাব পাৰে -

Wikipedia: Black Hole

NASA: What Are Black Holes?

আশা কৰো তোমালোকে আজি কিছু নতুন শিকিব পাৰিলা। এনেদৰে আৰু নতুন নতুন তথ্য অসমীয়া ভাষাত পঢ়িবলৈ আমাৰ ব্লগটোলৈ আকৈ আহিবলৈ নাপাহৰিব। অৱশেষত এটা অনুৰোধ অনুগ্ৰহ কৰি এই ব্লগটো ছচিয়েল ৱেবছাইটত বিয়োপাই দি আমাক উৎসাহ দিয়ে যেন। 

0/Post a Comment/Comments