One word substitution in Assamese | এটা শব্দত প্ৰকাশ
| SL No | Phrase (বাক্যাংশ) | One Word (শব্দ) |
|---|---|---|
| 1. | আইৰ ভাই বা ককা | মোমাই |
| 2. | কৰিবলগীয়া কাম | কৰ্তব্য |
| 3. | আনৰ তলতীয়া নোহোৱা | স্বাধীন |
| 4. | আঞ্জা খাবলা অনা কলপুলি | পচলা |
| 5. | আহোম ৰজাসকলক সম্বোধন কৰা শব্দ | স্বৰ্গদেউ |
| 6. | আনৰ দোষ দেখা স্বভাৱ | অসূয়া |
| 7. | আনৰ ভাল দেখিব নোৱাৰা | পৰশ্ৰীকাতৰ |
| 8. | অতিশয় শীতো নহয় অতিশয় উষ্ণও নহয় | নাতিশীতোষ্ণ |
| 9. | ঈশ্বৰত যাৰ বিশ্বাস নাই | নাস্তিক |
| 10. | একে লেঠাৰিয়ে হোৱা | ধাৰাসাৰ |
| 11. | একেখন সমাজত প্ৰচলিত ভাষা আৰু জীৱন ধাৰণৰ ৰীতি-নীতি | সংস্কৃতি |
| 12. | এটা চকুৰে নেদেখা লোক | কণা |
| 13. | একে গুৰুৰ শিষ্য | সতীৰ্থ, হৰি ভকত |
| 14. | এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় | ঔষধি |
| 15. | একে উদৰৰ পৰা বা একে মাকৰ পৰা জন্ম যাৰ | সহোদৰ, সহোদৰা |
| 16. | এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহৱা তিৰোতা | কাকবন্ধ্যা, বিয়ৈবাঁজী, কাউৰ-বাঁজী |
| 17. | ওপজা ঠাই | জনমভূমি |
| 18. | কাৱৈ মাছৰ সৰু পোঁৱালি | কাৱৈ-টিলা |
| 19. | কথা কোৱাত পটু লোক | কথকি |
| 20. | কাণেৰে নুশুনা লোক | কলা |
| 21. | কঁঠালৰ সৰু সৰু কলি | মুচি |
| 22. | কাঁচৰ বাচন গঢ়োঁতা | কঁহাৰ |
| 23. | কানি খোৱা মানুহ | কানীয়া |
| 24. | কথা কোৱাৰ যি ইচ্ছা | বিবক্ষা |
| 25. | কাৰো নাম নধৰাকৈ পৰা গালি | গুৱাল-গালি |
| 26. | খেতি কৰা লোক | খেতিয়ক |
| 27. | গৰু বন্ধা ঘৰ | গোহালি |
| 28. | গোটােই জীৱন জুৰি | আজীৱন |
| 29. | গিৰীয়েক মৰা তিৰোতা | বিধবা |
| 30. | গড়ৈ মাছৰ সৰু সৰু পোৱালি | গড়ৈচিৰিকা |
| 31. | ঘৰ নাই যাৰ | অঘৰী |
| 32. | চেলেকি খোৱা বস্তু | লেহ্য |
| 33. | চোবাই খোৱা বস্তু | চব্য |
| 34. | জীৱনী শক্তি দান কৰা ঔষধ | সঞ্জীৱনী |
| 35. | ডাকঘৰৰ চিঠি বিলি কৰা মানুহ | ডাক-পিয়ন |
| 36. | তাঁত বোৱা মানুহ | তাঁতী |
| 37. | দুয়োটা চকুৰে নেদেখা লোক | অন্ধ |
| 38. | দৰমহা নোলোৱাকৈ কাম কৰা মানুহ | অবৈতনিক |
| 39. | দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ | দেশকৰ্মী |
| 40. | দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ | শ্বহীদ |
| 41. | দেশক ভাল পোৱা মানুহ | দেশ-ভক্ত, দেশ-প্ৰেমিক |
| 42. | দীৰ্ঘকাল জীয়াই থকা | দীৰ্ঘজীৱী |
| 43. | ধান থোৱা ঘৰ | ভঁৰাল |
| 44. | ধানৰ বাকলি | তুঁহ |
| 45. | ধান ৰোৱা তিৰোতা | ৰোৱনী |
| 46. | ধান দোৱা তিৰোতা | দাৱনী |
| 47. | নিজে নিজে হোৱা | স্বয়ম্ভু |
| 48. | নোহোৱা বস্তু যি উলিয়ায় | আৱিষ্কাৰক, উদ্ভাৱক |
| 49. | নিজৰ ওপৰত যি নিৰ্ভৰ কৰে | স্বাৱলম্বী, আত্মনিৰ্ভৰশীল |
| 50. | নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা | মানিনী |
| 51. | নিচেই সৰুতে মাক অথবা বাপেক মৰা সন্তান | মাউৰা |
| 52. | নিচেই সৰুতে মাক-বাপেক মৰা নিৰাশ্ৰয় সন্তান | ঘাত-মাউৰা |
| 53. | পৱিত্ৰ কামত মৃত্যুবৰণ কৰা লোক | শ্বহীদ |
| 54. | পিতাকৰ ভনীয়েক | পেহিয়েক |
| 55. | পৰৰ অধিন | পৰাধীন |
| 56. | পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ | পৰমুখাপেক্ষী |
| 57. | পৰৰ সৌভাগ্য দেখি যি কাতৰ কৰে | পৰশ্ৰীকাতৰ |
| 58. | পি খোৱা বস্তু | পেয় |
Tags: One word substitution in Assamese, এটা শব্দত প্ৰকাশ, one word substitution pdf, one word substitution a to z, one word substitution dictionary, important one word substitution in Assamese, one word substitution trick in Assamese.
Post a Comment